
Xukula Sorai ft. Swapneel Bharadwaj Lyrics
- Genre:Rock
- Year of Release:2022
Lyrics
শুকুলা চৰাই
নাহিবি দুনাই
এতিয়া যে সময় নাই
শুকুলা চৰাই
উৰি গুচি যায়
ডেউকা কোবাই
জনাই বিদায়
কোলাহল
চাৰিওফালে
জ্বলে দ্বাবানল
চিটিকি পৰিছে
আইৰ বুকুত
জীৱননাশী বিষানল
শুকুলা চৰাই
যায় গুচি যায়
সীমনা হেৰুৱাই
আকাশেৰে মিলি যায়
শুকুলা চৰাই
নাহিবি দুনাই
এতিয়া যে সময় নাই
ওখ অট্টালিকা
জীৱন প্ৰহেলিকা
নিচিনা আখৰ
নুবুজা সাঁথৰ
সেউজীয়া নাই
পাহি সৰি যাই
ধোঁৱা বৰণীয়া হৈ
পৃথিৱী ৰৈ যায়
শুকুলা চৰাই
আহ পুনৰাই
মিলি যা প্ৰাণে প্ৰাণে
হৈ বিনাশৰ অন্তৰায়
শুকুলা চৰাই