Haabiyaax Lyrics
- Genre:Rock
- Year of Release:2022
Lyrics
হাবিয়াসৰ বোজাত বাহু আহে হালি
অভিলাসি মনৰ সপোন এধানি
আঁতৰি আঁতৰি থাকিব নোখোজে মন
ভাগৰুৱা দেহা বিচনাতে পৰে ঢলি
পুৱা আহি কিয় আই তই নজগালি
আজিওছোন দুপৰীয়া বিচনাতে হ'ল
অবিহনে তোৰ ৰাতিছোন নুপুৱাই
টোপনিতে বেলি পশ্চিমলে লহিয়াই
ক'ত আছ আই
দে মোক জগাই!
বিলাসী খাদ্যৰো আজি জুতি নাই
চকুতে তোৰ পাকঘৰ ভাঁহি যায়
এগৰাহ ভাত তই দে মোক খোৱাই!
যন্ত্ৰণাবোৰ আজি আঁতৰি যায়
তোৰ এশাৰী মাত শুনা পাই
এনে লাগে
যেন মনটো মোৰ তোৰ কাষলে গুচি যায়
কোমলীয়া
সপোনে কয়
"যা উৰি যা
দূৰণিলে"
টোপনি নাই
নিচুকণি গাই
আকৌ শুৱাবিনে?
পলকতে ৰাতিপুৱা উঠি
ৰ'দে সতে
অচিনাকি ঠাই এৰি
মোৰ গাঁৱলে
গুচি যাওঁযেন
ল'ৰালিলে
হাবিয়াসৰ বোজাত বাহু আহে হালি
অভিলাসি মনৰ সপোন এধানি
আঁতৰি আঁতৰি থাকিব নোখোজে মন
ভাগৰুৱা দেহা বিচনাতে পৰে ঢলি
পুৱা আহি কিয় আই তই নজগালি
আজিওছোন দুপৰীয়া বিচনাতে হ'ল