Dakuwal Botahe ft. Jupitora Barthakur Lyrics
- Genre:World Music/Folklore
- Year of Release:2004
Lyrics
ডাকোৱাল বতাহে
কঢ়িয়াই আনিলে
মনলৈ ফাগুনৰ বতৰা
ধূলিয়ৰি বাটেৰে গোপনে।।
অনুভৱি পলাশে
অনুৰাগী হিয়াতে
ৰঙা ৰং সানিলে
অভিমানী ডাৱৰে
কি বুজি হথাতে
বৰষুণ সিঁচিলে
হেৰালে যেন কিবা এটি
মনৰে মাজৰ
সলনি হল আৰু কিবা
নুবুজো কি।।
অচিনাকি জোনাকে
একাঁজলি পোহৰে
মিঠা পৰশ আঁকিছে
দৰদী বুকুতে
ৰাগিণী প্ৰেমৰে
বীণা হৈ বাজিছে
হেৰালে যেন কিবা এটি
মনৰে মাজৰ
সলনি হল আৰু কিবা
নুবুজো কি।।