![Bukute](https://source.boomplaymusic.com/group10/M00/09/15/f1d4c8e645d64528befcb8565137a3fb_464_464.jpg)
Bukute Lyrics
- Genre:Soul
- Year of Release:2020
Lyrics
বুকুতে শুই থকা
কলি আজি
চকুতে ৰৈ যোৱা
সপোন কালি
হঠাতে উঠে ফুলি
আৱৰণ আঁতৰাই হিয়াত মোৰ
কোনেনো গল চুমি।।
মনৰে পখিটি দিশহাৰা হৈ
ফুৰিছিল অকলে উৰি
উদাৰ চকুযোৰিৰ ছায়াতেই পালে
জীৱনে নতুন গতি
আৱৰণ আঁতৰাই হিয়াত মোৰ
কোনেনো গল চুমি।।
কলিজাৰে ৰং যদিওবা ৰঙা
ৰক্ত আছিল মিছা
এতিয়া দেঁখোন ফুলি উঠিছে
কলিজাত ৰক্তজবা
আৱৰণ আঁতৰাই হিয়াত মোৰ
কোনেনো গল চুমি।।