Junaki Raati ft. Alekha Dutta Lyrics
- Genre:Soul
- Year of Release:2020
Lyrics
জোনাকী ৰাতি কাষলে আহা
অনুভৱি মোক কৰি তোলা না
জোনাকী ৰাতি কাষলে আহা
অনুভূতি বোৰ জগায় দিয়া
দিলো মৰম মোৰ হিয়াৰ
দিবানে তোমাৰ?
তুমি জিউ মোৰ হোৱা
হওঁনে মই তোমাৰ?
চকুতে চকু থৈ
কয় দিয়া এবাৰ।।
চেতনা হৰিছে
আজিৰ এই ৰাতিয়ে
বুকুখন কঁপিছে
অভিলাষ জানিয়েই
বন্ধা খোপা খুলি দিয়া
কবিতা সিঁচি দিয়া
কিছু সংজম নিজত ৰাখি
কিছু নিয়ম ভাঙা।।
ছিগোনে গোলাপ
ওঁঠৰে বাগিছাত
দুচকুত হাবিয়াহ
অভিনয় এই প্ৰতিবাদ
আদৰ হৈ আহাচোন বৈ
খৰাং হৃদয় মোহনা
হেঁপাহেৰে আছোহি ৰৈ
আঁকোৱালি লোৱানা।।